+91 60002 88545
Follow Us On:
WhatsApp
College Heritage

ধমধমা আঞ্চলিক কলেজ সংগীত

The official college anthem representing the pride, culture and academic spirit of Dhamdhama Anchalik College.

ধমধমা আঞ্চলিক কলেজ সংগীত

কতজনৰ কত অৱদানেৰে
এই তীৰ্থভূমি চিৰ গৰৱীনী ।
আপোন গৰিমাৰে গণ মানসত
উজ্জলাই তুলিছে নিজৰ চিনাকি ।

পথে পথে জালি জ্ঞানৰ দিপালি
ৰত্ন প্রসৱীনি জ্ঞান দায়িনী
নৱ প্ৰভাতত নিতে সপোন ৰচি
সমদলে আগবাঢ়ে নতুনৰ পূজাৰী ।

কত জাতি উপজাতিৰ বৰণীয়া সূতাৰে মিলন
গামোচা বয় হিয়া ফুল বাচি ।।

কতজনৰ কত অৱদানেৰে...

সপোন সজোৱা সাতোবৰণীয়া
জীৱন গঢ়াৰ আঁচনি অপাৰ ।
ৰূপে ৰসে অপৰূপ আভাৰে
এই আঁচনি চিৰ জাতিষ্কাৰ ।

কত জাতি উপজাতিৰ বৰণীয়া সূতাৰে
মিলন গামোচা বয় হিয়া ফুল বাচি ।।

কতজনৰ কত অৱদানেৰে ...
গীতিকাৰ, সুৰকাৰঃ ৱাহিদুৰ ৰহমান
সহকাৰী অধ্যাপক, ইংৰাজী বিভাগ
শ্বহীদ স্মৃতি মহাবিদ্যালয়, বেলশৰ